Siradinaloi Lyrics

Read More Siradinaloi Lyrics In Assamese

তোমাৰ মৰমতে আছে কিনো এঠা এঠা

তোমাক নেদেখিলে বাঢ়ে মনৰ বেথা বেথা

কিনো আদৰেৰে এনে কথা-ক’লা ক’লা

মোৰো দুচকুতে সপোনৰে-দোলা দোলা

প্ৰনয়ৰে নদী দুটি মনকে লৈ

বব যে নিৰবধি হৈ

চিৰদিনলৈ ও মইনা চিৰদিনলৈ

চিৰদিনলৈ ও মইনা চিৰদিনলৈ

তুমিনো জান ঐ অলিয়া বলিয়া

কথাৰ হে মোহনীয়া

মনৰ খবৰ ঐ নেৰাখা নোলোৱা

কথাই কথাই নো লেথা

আকাশ পাৰি দিম

জোনাক সিঁচি দিম

তোমাৰ মৰমত সাগৰ সাঁতুৰিম

প্ৰতি পুৱতি প্ৰতিটো ৰাতি

তোমাৰ নামতে জান ঐ জীৱন সঁপি দিম

সপোনক আদৰি দিঠকক আজুৰি

মেৰিয়াম বুকুৰ মাজত লৈ

চিৰদিনলৈ ও মইনা চিৰদিনলৈ

চিৰদিনলৈ ও মইনা চিৰদিনলৈ

যদিও জান ঐ তুমি বৰ অঁকৰা

মোৰে আপোন কলিজা

ৰূপৰ কোঁৱৰ মোৰ তুমিয়ে অজলা

বুকুৰ কাৰেং সঁজালা

উশাহো বিলীন নিশাহো বিলীন

তোমাৰ নামতে মৰমো হয় বিলীন

সপোনো ৰঙীন হেঁপাহো ৰঙীন

তোমাৰ হাঁহিতে হৃদয়ো হয় ৰঙীন

চেনেহে আতিব মৰমে জুৰিব

থাকিবা সুখে দুখে ৰৈ

চিৰদিনলৈ ও মইনা চিৰদিনলৈ

চিৰদিনলৈ ও মইনা চিৰদিনলৈ

Visit Bangla Lyric Zone for more


Comments

Popular posts from this blog

Nithur Monohor lyrics by Ishaan Mozumder

Sajani Sajani Radhika Lo lyrics

AAINA Lyrics by YOUNG GALIB